নগাঁও বৰঙাতলিত চুৰিকাঘাটৰ ঘটনা
নগাঁও বৰঙাতলিত চুৰিকাঘাটৰ ঘটনা।
নগাঁও বৰঙাতলিত চুৰিকাঘাটৰ ঘটনা


নগাঁও, ০১ মে' (হি.স.): নগাঁও বৰঙাতলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৰঙাতলিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় চুৰিকাঘাটৰ ঘটনা। পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবেই সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে ভতিজাক ৰাজু আহমেদৰ আক্ৰমণৰ বলি হয় খুৰায়েক মনচুৰ আলী। ভতিজাক ৰাজুৱে খুৰাকক তৰোৱালেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় মনচুৰ আলী।আহত মনচুৰ আলীক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছে । ইফালে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় খাটোৱাল আৰক্ষী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande