
ধুবুৰী, ০১ মে’ (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ মল্লিকাপুৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহী আৰু মালবাহী বাহন চালক । ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
জানিব পৰামতে, এএছ ১৬ এচি ৬৩৩১ নম্বৰৰ মহিন্দ্ৰা ভিৰো মালবাহী বাহন খনে এএছ ১৬ কে ৫৭৩৩ নম্বৰৰ মটৰ চাইকেলৰ পিছফালে খুন্দা মাৰে । ফলত বাইক আৰোহী জন ৰাষ্ট্ৰীয় ঘাইপথত পৰি গুৰুতৰভাৱে আহত হয় । তামাৰহাটৰ পৰা শ্ৰীৰামপুৰ লৈ গৈ আছিল মটৰ চাইকেল আৰু মালবাহী বাহন দুখন। মালবাহী বাহনখন মটৰ চাইকেলক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত পৰি গৈ চালকজন গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহী শুনিৰাম চোৰেন আৰু মালবাহী বাহনৰ চালক ছোবাহান । আহত দুয়োকে গোসাঁইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ