দুৰ্ঘটনাৰ এদিন পিছতে মৃত্যুক আঁকোৱালি ল’লে শৌলমাৰীৰ মাছ ব্যৱসায়ীয়ে
কামৰূপ, ০১ মে'' (হি.স.)। দুৰ্ঘটনাৰ এদিন পিছতে মৃত্যুক আঁকোৱালি ল’লে শৌলমাৰীৰ মাছ ব্যৱসায়ী । ৰঙিয়াত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই এজন লোকৰ জীৱন কাঢ়ি ল’লে। বুধবাৰে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁও অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। প্
দুৰ্ঘটনাৰ এদিন পিছতে মৃত্যুক আঁকোৱালি ল’লে শৌলমাৰীৰ মাছ ব্যৱসায়ীয়ে


কামৰূপ, ০১ মে' (হি.স.)। দুৰ্ঘটনাৰ এদিন পিছতে মৃত্যুক আঁকোৱালি ল’লে শৌলমাৰীৰ মাছ ব্যৱসায়ী । ৰঙিয়াত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই এজন লোকৰ জীৱন কাঢ়ি ল’লে। বুধবাৰে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁও অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী অভিমুখী এ এছ ০১ এল চি ৩৫৯১ নম্বৰৰ এখন আল্ট্ৰা বাছে পথ পাৰ হ’বলৈ চেষ্টা কৰা এজন বাইক আৰোহীক মহতিয়াই নিয়ে। সেই সময়তে বাইক আৰোহীগৰাকীয়ে ডিভাইডাৰ অতিক্ৰম কৰিবলৈ লোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ ভিতৰত থকা অৰ্ধ শতাধিক যাত্ৰীয়ে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শৌলমাৰীৰ মাছ ব্যৱসায়ী বিল্লাল আলী (৪২)। তৎক্ষণাৎ তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও, জীৱন-মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত দুৰ্ঘটনাৰ এদিন পিছত কালি নিশা তেওঁ মৃত্যুক আঁকোৱালি লয়। ইফালে, আৰক্ষীয়ে মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে পথ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande