চামগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান
চামগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান।
চামগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান


নগাঁও, ০১ মে' (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি বৃহস্পতিবাৰে নিশা অবৈধ সুৰাৰ বিৰুদ্ধে চামগুৰি আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত নাম কটা চিপাহী ৰঞ্জন বৰাৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হয় ।

চামগুৰিৰ কেঁকোৰা চুকৰ ৰঞ্জন বৰাৰ বাসগৃহৰ পৰা জব্দ কৰে ১২০ কাৰ্টুন বিলাতী সুৰা। ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পায় পলায়ন কৰে ৰঞ্জন বৰাই । পূৰ্বেও ৰঞ্জন বৰাৰ বাসগৃহত আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰিছিল প্ৰায় ৭০ কাৰ্টুন সুৰা।

নাম কটা চিপাহী ৰঞ্জন বৰাই চলাই আছিল গোপনে সুৰাৰ ব্যৱসায় । বহু দিন ধৰি বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰি আছিল বিলাতী সুৰা ৰঞ্জন বৰাই। উল্লেখ্য যে চামগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ নেতৃত্বত নিশা চলিছিল এই অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande