
গোলাঘাট, ০১ মে' (হি.স.)। মৰঙি চাহ বাগিচাত শ্ৰমিক দিৱস উদযাপন। জেষ্ঠজনৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনায়।
নুমলীগড়ৰ কাষৰীয়া মৰঙি চাহ বাগিচাৰ ভৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা