
শোণিতপুৰ, ০১ মে' (হি.স.)। বহি:ৰাজ্যত পুনৰ মৃত্যু হৈছে ৰাজ্যৰ এজন ব্যক্তিৰ।
পুনৰ বহি:ৰাজ্যত মৃত্যু শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিৰ সোনাবিল গাঁওৰ মিথিলা কেওট নামৰ এজন ব্যক্তিৰ।
বিশাখাপট্টনমলৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল মিথিলা কেওট নামৰ ব্যক্তিজন। একেখন গাঁওৰে কেইবাগৰাকী যুবকৰ সৈতে কাম কৰিবলৈ গৈছিল মিথিলা কেওট। কিন্তু বিশাখাপট্টনম পোৱাৰ পিচৰে পিচৰে পৰা সন্ধানহীন হৈ আছিল মিথিলা কেওটৰ। তাৰ পিচতে মিথিলা কেওটৰ মৃতদেহ উদ্ধাৰ হয় বুলি পৰিয়ালৰ লোকক জনায়। আনহাতে ঘটনা সন্দৰ্ভত মিথিলা কেওটৰ পৰিয়ালে উক্ত ঘটনাতো হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰি দুজন যুৱকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে অমিত গোৱালা আৰু শ্যাম কন্ধ নামৰ দুজন যুৱকক সোধপোচৰ বাবে আটক কৰিছে। অধিক তথ্যৰ বাবে যুৱকদ্বয়ক আৰক্ষীয়ে জেৰা চলায় আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা