
ধুবুৰী, ০১ মে' (হি.স.)। ঘাইপথ অৱৰোধ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি। প্ৰতিকূল বৰষুণক নিওচি ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ।
ধুবুৰীৰ ভেটা বজাৰত শতাধিক পুৰুষ-মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ড্ৰাগছ ব্যৱসায়ীৰ আক্ৰমণ গুৰুতৰ ভাবে আহত আবেদ আলী আৰু ফিৰোজ নামৰ দুজন ব্যক্তি। আটক ড্ৰাগচ ব্যৱসায়ী আশ্ৰাফুল আলী।
অভিযোগ অনুসৰি ধুবুৰীৰ ভেটা বজাৰ চতুৰ্থ খণ্ড অঞ্চলৰ আশ্ৰাফুল আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগচ ব্যৱসায়ী চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ। আজি স্থানীয় ৰাইজে ড্ৰাগচ ব্যৱসায়ী জনৰ ঘৰত বাধা প্ৰদান কৰিবলৈ যোৱাত ড্ৰাগচ ব্যৱসায়ীজনে দুজন ব্যক্তি ক্ৰমে আবেদ আলী আৰু ফিৰোজক চকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।
তাৰপিছতে উক্ত অঞ্চলত স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ ড্ৰাগচ ব্যৱসায়ীজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে আশ্ৰাফুল আলীক।
আৰক্ষীৰ বাহনো আৱদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা স্থানীয় ৰাইজে । আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ সন্দেহ যে আৰক্ষীৰে ড্ৰাগচ ব্যৱসায়ীৰ গোপন মিতিৰালি আছে বুলি অভিযোগ স্থানীয় ৰাইজৰ।
প্ৰতিবাদকাৰী সকলে ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধুবুৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক হস্তক্ষেপ কৰাৰো দাবী জনোৱা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু