সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বৰ গোসাঁই ঘৰত অনুস্থিতঐতিহ্য মণ্ডিত এক পইছাৰ নাম
সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বৰ গোসাঁই ঘৰত অনুস্থিত হোৱা ঐতিহ্য মণ্ডিত এক পইছাৰ নাম।
সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বৰ গোসাঁই ঘৰত অনুস্থিতঐতিহ্য মণ্ডিত এক পইছাৰ নাম


বৰপেটা, ০১ মে’ (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰীৰ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ বৰ গোসাঁই ঘৰত আয়োজিত ঐতিহ্য মণ্ডিত এক পইছাৰ নাম যোৱা কালি বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা অনুষ্ঠিত হয়। এই এক পইছাৰ নামে মূলত সৰ্থেবাৰী পাঁচ খেল গঞা গয়ৰহৰ অন্তৰ্গত প্ৰতিটো খেলৰ খেল ভুক্ত পৰিয়াল বোৰৰ সদস্যৰ বিপৰীতে এটকাকৈ সংগ্ৰহ কৰা হয়। আৰু ইয়াৰ জৰিয়তে প্ৰতি বছৰে সৰ্থেবাৰীত লোক গণনা কৰা হয়।

উল্লেখ্য় যে আৰম্ভণিতে অঞ্চলটোৰ প্ৰতি গৰাকী ব্যক্তিৰ বিপৰীতে এক পইচা কৈ সংগ্ৰহ কৰা হৈছিল বাবে এই নামক এক পইছাৰ নাম বুলি জনা যায়। এই নামৰ জৰিয়তে অতীতৰ পৰা পৰম্পৰাগত ভাৱে সৰ্থেবাৰীত এক অভিনৱ পদ্ধতিত বাৰ্ষিক লোক পিয়লৰ ব্যৱস্থা প্ৰচলন হৈ আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande