হাজোৰ চেছামুখত নিৰুদ্দেশ ৰ ঘটনা
কামৰূপ, ০১মে (হি.স.)। হাজোৰ চেছামুখত নিৰুদ্দেশ ৰ ঘটনা। বিশ্বজিৎ কলিতা নামৰ ১৭ বছৰীয়া যুৱক জনে নিজ গৃহৰ পৰা পূৱা ৪ মান বজাত ঘৰত কাকো একো নজনোৱাকৈ বজাৰত স্কুটি লৈ ওলাই গৈছিল ।বহু সময় জুৰি যুৱক গৰাকী ঘৰলৈ উভতি নহাত তেওৰ সন্ধানত পৰিয়ালৰ আন সদস্য়ৰ মাজ
হাজোৰ চেছামুখত নিৰুদ্দেশ ৰ ঘটনা


কামৰূপ, ০১মে (হি.স.)। হাজোৰ চেছামুখত নিৰুদ্দেশ ৰ ঘটনা। বিশ্বজিৎ কলিতা নামৰ ১৭ বছৰীয়া যুৱক জনে নিজ গৃহৰ পৰা পূৱা ৪ মান বজাত ঘৰত কাকো একো নজনোৱাকৈ বজাৰত স্কুটি লৈ ওলাই গৈছিল ।বহু সময় জুৰি যুৱক গৰাকী ঘৰলৈ উভতি নহাত তেওৰ সন্ধানত পৰিয়ালৰ আন সদস্য়ৰ মাজত হুৱাদুৱা লাগে। চাৰিও দিশে বিচাৰ খোচাৰ আৰম্ভ হয়।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও একো খবৰ নপোৱাত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

বৰ্তমানলৈ বিশ্বজিৎ কলিতাৰ মোৱাইল ফোন বন্ধ হৈ আছে। আৰক্ষী যুৱক জনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande