
হোজাই, ০১ মে' (হি.স.)। লংকাৰ ১নং কাকী ৩ নং গাঁৱৰ দ ব্লকত অমৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন । প্ৰতিমূৰ্তি ভাগ শুভ উন্মোচন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।
কাকীৰ দেউৱালীৰ নিৰ্বাসী শিল্পী দিপেন দাসে নিৰ্মাণ কৰে জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি ভাগ । নগাঁও জিলাৰ আয়ুক্ত গৰাকীয়ে প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰা পিছত জুৰে বিহুগীত । উক্ত অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ ওপৰিও হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুন্তি বৰা, হোজাই জিলা তথা কাকী অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
নিশালৈ উক্ত অনুষ্ঠানতেই বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৱ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা