কোকৰাঝাৰত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি (চি ডব্লিউ চি) ৰ গুৰুত্বপূৰ্ণ বৈঠক
কোকৰাঝাৰ, ০১ মে'' (হি.স.)। কোকৰাঝাৰত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি (চি ডব্লিউ চি) ৰ গুৰুত্বপূৰ্ণ বৈঠক । কোকৰাঝাৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প ভৱনত অনুষ্ঠিত হৈছে বি পি এফ দলৰ গুৰুত্বপূৰ্ণ বৈঠকখন। বি পি এফৰ সভাপতি তথা বিটিচি
কোকৰাঝাৰত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি (চি ডব্লিউ চি) ৰ গুৰুত্বপূৰ্ণ বৈঠক


কোকৰাঝাৰ, ০১ মে' (হি.স.)। কোকৰাঝাৰত বি পি এফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি (চি ডব্লিউ চি) ৰ গুৰুত্বপূৰ্ণ বৈঠক ।

কোকৰাঝাৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প ভৱনত অনুষ্ঠিত হৈছে বি পি এফ দলৰ গুৰুত্বপূৰ্ণ বৈঠকখন। বি পি এফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত দলীয় সভাত সংগ্ৰহ কৰা হৈছে বিধানসভা নিৰ্বাচনৰ ভোটদানৰ ৰিপৰ্ট।

বি টি চিৰ মুঠ পোন্ধৰটা বিধানসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থীৰ বিজয়ৰ অংকৰ হিচাপ নিকাচ। এন ডি এৰ প্ৰাৰ্থী বিজয়ৰ অংক হিচাপ অনুসৰি পোন্ধৰ টা সমষ্টিতে জয় হ'ব ।

কিন্তু পোন্ধৰ টা সমষ্টিৰ ভিতৰত মুঠ তিনিটা সমষ্টি সংকটজনক। এই তিনিটাৰ মাজত আছে পৰ্বতঝৰা, বিজনী আৰু তামোলপুৰ। পৰ্বতঝৰাত কংগ্ৰেছৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলাম ছেখ সৈতে যুঁজ হৈছে বি পি এফৰ প্ৰাৰ্থী ডঃ ৰিজাউল কৰিম।

পৰ্বতঝৰাৰ দলীয় কৰ্মীয়ে দিয়া ৰিপৰ্ট অনুসৰি বি পি এফৰ প্ৰাৰ্থী ডঃ ৰেজাউল কৰিমৰ বিজয়ৰ ব্যৱধান হৈছে মাথো সাত হাজাৰ। দ্বিতীয়ত বিজনী সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী অৰুপ কুমাৰ ডে সৈতে যুঁজ হৈছে ইউ পি পি এলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী।

বিজনী সমষ্টিতো এন ডি এৰ প্ৰাৰ্থী অৰুপ কুমাৰ ডে ভোট বিজয়ৰ ব্যৱধান মাথোঁ সাত হাজাৰ। আনহাতে তামোলপুৰ সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সৈতে যুঁজ হৈছে ইউ পি পি এলৰ সভাপতি তথা প্ৰাক্তন বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ।

সভাত দলীয় কৰ্মীয়ে ৰিপৰ্ট দাখিল কৰা মতে এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ ভোট বিজয়ৰ ব্যৱধান মাথোঁ পাঁচ হাজাৰ। মুঠৰ ওপৰত এই তিনিটা সমষ্টিত এন ডি এৰ প্ৰাৰ্থীৰ জয় পৰাজয় লক্ষ্যনীয় হ'ব।

কিন্তু বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত বি টি চিৰ মুঠ পোন্ধৰটা বিধানসভা সমষ্টিৰ এই তিনিটা সমষ্টি বাহিৰে বিজয়ৰ সেউজ সংকেত দিয়ে যদিও বাকী তিনিটা সমষ্টিতো কম ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰিছে। এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বি পি এফৰ সকলো ই এম , প্ৰাৰ্থী আৰু কৰ্মকৰ্তা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande