ৰৌতাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী
ওদালগুৰি, ০১ মে (হি.স.)। ৰৌতাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। দৰিদ্রতা কেতিয়াও সফলতাৰ হেঙাৰ হ''ব নোৱাৰে। আর্থিক দীনতাকো নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ওদালগুৰি জিলাৰ ৰৌতাবাগ
ৰৌতাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী


ওদালগুৰি, ০১ মে (হি.স.)। ৰৌতাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী।

দৰিদ্রতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। আর্থিক দীনতাকো নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ওদালগুৰি জিলাৰ ৰৌতাবাগানৰ এগৰাকী অতি দৰিদ্র ঘৰৰ ছাত্রী।সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১.৪ শতাংশ নম্বৰ লাভেৰে সমগ্র ৰৌতা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে ছাত্ৰীগৰাকীয়ে। খাৰুপেটীয়াৰ ৰয়েল এক্সিলেন্ট একাডেমীৰ ছাত্রী ছৰজিনা বিবিৰ পিতৃয়ে কোনোমতে দিন হাজিৰা কৰি পোহপাল দি আহিছে পৰিয়ালটো। দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া পৰিয়ালটোৰ আন কোনো নাই উপার্জনৰ আহিলা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইংৰাজীত ৮৬, অসমীয়াত ৮৯, লজিকত ৯৩, ইডুকেশ্যনত ৯২, ৰাজনীতি বিজ্ঞান বিভাগত ৯৭ নম্বৰ লাভেৰে ৯১.৪ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে।ভৱিষ্যতে এগৰাকী আই পি এছ বিষয়া হোৱাৰ সপোন ছাত্ৰীগৰাকীৰ | কিন্তু পিতৃৰ আর্থিক অভাৱৰ বাবে এতিয়া উচ্চ শিক্ষাৰ বাবে বিবুধিত পৰিছে ছাত্ৰীগৰাকী | উচ্চ শিক্ষাৰ বাবে ছাত্ৰীগৰাকী, পৰিয়ালৰ লোকে এতিয়া বিচাৰিছে ৰাইজৰ সহায়।ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ বাবে আজমল ফাউণ্ডেচনৰ লগতে বিভিন্ন দল সংগঠনৰ সহায় বিচাৰিছে পৰিয়ালে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande