(আপডেট) জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
গুৱাহাটী, ০১ মে'' (হি.স.)। আজি পুৱাই প্ৰিয় গল্ডীৰ সুবাস বিচাৰি জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। আহিবলগীয়া অসমীয়া ছবি বাৰুদ ২ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণৰ জুবিন গাৰ্গৰ আশীৰ্বাদ ল''লে পত্নী গৰিমা শইকীয়া গাৰ্গে। আনহাতে জ
জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ


জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ


গুৱাহাটী, ০১ মে' (হি.স.)। আজি পুৱাই প্ৰিয় গল্ডীৰ সুবাস বিচাৰি জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ।

আহিবলগীয়া অসমীয়া ছবি বাৰুদ ২ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণৰ জুবিন গাৰ্গৰ আশীৰ্বাদ ল'লে পত্নী গৰিমা শইকীয়া গাৰ্গে।

আনহাতে জুবিন ক্ষেত্ৰত অনুৰাগীৰ কণ্ঠত গীত শুনি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।

বৃহস্পতিবাৰে ফাষ্টট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰাৰ পিছতে আজি প্ৰথমবাৰৰ বাবে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে বৰ্তমানলৈ সকলোবোৰ শুদ্ধ ৰূপত আগবাঢ়ি গৈ আছে পৰৱৰ্তী সময়তো সকলোবোৰ এনেদৰে আগবাঢ়ি যাওঁক আৰু জুবিনৰ মৃত্যুৰ লগত জড়িত আটাইবোৰ কালপ্ৰিতে শাস্তি পাওঁক। ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলি মন্তব্য কৰি অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা হওঁক বুলিও মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande