ড্ৰাগছ ব্যৱসায়ী মাতৃ-পুত্ৰসহ বৃহৎ পৰিমাণৰ নগদ ধন আৰু ড্ৰাগছ জব্দ
ড্ৰাগছ ব্যৱসায়ী মাতৃ -পুত্ৰসহ বৃহৎ পৰিমাণৰ নগদ ধন আৰু ড্ৰাগছ জব্দ ।
ড্ৰাগছ ব্যৱসায়ী মাতৃ-পুত্ৰসহ বৃহৎ পৰিমাণৰ নগদ ধন আৰু ড্ৰাগছ জব্দ


তিনিচুকীয়া, ০ ১ মে’ (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিংপৰীয়া অঞ্চলত আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত ড্ৰাগছ সৰবৰাহৰ এক বৃহৎ চক্ৰ উন্মোচিত হৈছে । কুখ্যাত ড্ৰাগছ মাফিয়া নল দাসৰ গৃহত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এই অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন আৰু নিষিদ্ধ মাদক দ্ৰব্য। গোপন তথ্যৰ ভিত্তিত তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফায়েজ আহমেদৰ নেতৃত্বত আৰক্ষীৰ এক বিশেষ দলে এই অভিযান চলায়।

অভিযানকালত ঘৰখনৰ চৌহদত পুতি ৰখা অৱস্থাত গাত খান্দি উদ্ধাৰ কৰা হয় প্ৰায় ৭ লাখ ২০ হাজাৰ ৯শ ২০ টকা নগদ ধন । ইয়াৰ উপৰিও ২৮ দশমিক ২১ গ্ৰাম হেৰ’ইন ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে । কেইবাঘন্টা ধৰি চলা এই অভিযানত তিনিটা মোবাইল ফোন, প্ৰায় ৪৫ দশমিক ৩৭ গ্ৰাম সোন আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰা হৈছে।এই ঘটনাত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী নল দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে এই ব্যৱসায়ত সহযোগ কৰাৰ অভিযোগত তেওঁৰ মাতৃ পুতলী দাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, নল দাস পূৰ্বেও কেইবাবাৰো ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ গৈছিল । এই ঘটনাই দিহিংপৰীয়া তথা সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে আৰক্ষীৰ এই অভিযানক স্বাগত জনোৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই ড্ৰাগছ সৰবৰাহৰ সৈতে এক বৃহৎ নেটৱৰ্ক জড়িত থাকিব পাৰে । বৰ্তমান এই ঘটনাৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।”

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande