ধুবুৰীত আন্তৰ্জাতিক মে' দিৱস পালন
ধুবুৰী, ০১ মে (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবুৰী তো আন্তৰ্জাতিক মে'' দিৱস পালন কৰা হয়। কেন্দ্ৰীয় মে'' দিৱস উদযাপন কমিটী, ধুবুৰী ৰ উদ্যোগত আজি ৰাতিপুৱা ধুবুৰীৰ ৰেল ষ্টেচন চৌহদত শ্ৰমিক শ্ৰেণীৰ ন্যায় সংগত অধিকাৰ আদায়ৰ বাবে আন্তৰ্জাতিক মে'' দি
ধুবুৰীত আন্তৰ্জাতিক মে' দিৱস পালন


ধুবুৰী, ০১ মে (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে আজি ধুবুৰী তো আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়।

কেন্দ্ৰীয় মে' দিৱস উদযাপন কমিটী, ধুবুৰী ৰ উদ্যোগত আজি ৰাতিপুৱা ধুবুৰীৰ ৰেল ষ্টেচন চৌহদত শ্ৰমিক শ্ৰেণীৰ ন্যায় সংগত অধিকাৰ আদায়ৰ বাবে আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়।

পুৱা ৯ বজাত পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিচত শ্বহীদ বেদীত মাল্যাৰ্পণ কৰা হয়। শ্ৰমিকৰ ন্যায় প্ৰাপ্তি আৰু অধিকাৰ সুৰক্ষাৰ দাবীত এক প্ৰতিবাদী আলোচনা সভাও অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande