
ধুবুৰী, ০১ মে' (হি.স.)। ধুবুৰীত আৰম্ভ তিনি দিনীয়া কাৰ্যসূচীৰে গুৰুমৎ সমাগম অনুষ্ঠান। ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰাত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুমৎ সমাগম।
মাতা খিৱী জি ৰ প্ৰতি সেৱা জনাই এই তিনিদিনীয়া ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰা তথা গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবজীত আজিৰে পৰা আৰম্ভ হোৱা এই গুৰুমৎ সমাগম কাৰ্যসূচীত অংশ লোৱাৰ বাবে সমগ্ৰ উত্তৰ-পূৱ ৰাজ্য কে ধৰি দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু শিখ ধৰ্ম্বাৱল্ম্বী ভক্ত প্ৰাণ ৰাইজ আহি ধুবুৰীৰ গুৰুদ্বাৰত আহি উপস্থিত হৈছে।
আনহাতে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৰু কা লংগৰ ২৪ ঘণ্টাই খোলা আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা