কলকাতাৰ এটা ষ্ট্ৰংৰূমত তৃণমূল কংগ্ৰেছৰ হুলস্থুল; প্ৰাৰ্থীৰ অভিযোগ নাকচ নিৰ্বাচন আয়োগৰ
কলকাতা, ০১ মে’ (হি.স.)। দক্ষিণ কলকাতাৰ খুদিৰাম অনুশীলন কেন্দ্ৰত বৃহস্পতিবাৰে সন্ধিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে সন্দেহজনক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে সেইদিনাই নিশাৰ পিছত নিৰ্বাচন আয়োগে সংব
प्रेस को संबोधित करते सीईओ मनोज अग्रवाल


কলকাতা, ০১ মে’ (হি.স.)। দক্ষিণ কলকাতাৰ খুদিৰাম অনুশীলন কেন্দ্ৰত বৃহস্পতিবাৰে সন্ধিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে সন্দেহজনক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে সেইদিনাই নিশাৰ পিছত নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি সকলো অভিযোগ স্পষ্টভাৱে খাৰিজ কৰে।

তৃণমূলৰ প্ৰাৰ্থী কুনাল ঘোষ আৰু শশী পাঞ্জাই কেন্দ্ৰৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীত বহিল । পিছত বিজয় উপাধ্যায়ো এই প্ৰতিবাদত যোগদান কৰে । ষ্ট্ৰং ৰুমৰ ভিতৰত সন্দেহজনক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে। লাইভ ষ্ট্ৰীমিঙত ভিতৰত কিবা এটা ঘটি থকা দেখা গৈছিল, বেলট পেপাৰ ইফালে সিফালে লৈ যোৱাকে ধৰি, আনহাতে বিষয়াসকলে দাবী কৰিছিল যে ভিতৰত একো হোৱা নাই ।

বিজেপিৰ প্ৰাৰ্থী তপস ৰায় আৰু সন্তোষ পাঠক উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰে। নিৰ্বাচন আয়োগৰ বিষয়াৰ সৈতে কথা পাতি তেওঁলোক গুচি যায়। পিছত মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাই সংবাদমেল অনুষ্ঠিত কৰি ষ্ট্ৰং ৰুমটো সম্পূৰ্ণৰূপে ছীল আৰু নিৰাপদ বুলি স্পষ্ট কৰি দিয়ে ।

মুখ্য নিৰ্বাচনী বিষয়া আগৰৱালাই কয় যে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএম তাত মজুত কৰা হৈছিল আৰু বৃহস্পতিবাৰে সহকাৰী ৰিটাৰ্নিং বিষয়াসকলে ডাক বেলট পৃথক কৰি আছিল । প্ৰাৰ্থীসকলক এই বিষয়ে আগতীয়াকৈ অৱগত কৰা হৈছিল । মনোজ আগৰৱালাই উল্লেখ কৰে যে ডাক বেলট পৃথকীকৰণ প্ৰক্ৰিয়াৰ ভিডিঅ’ৰ ভিত্তিত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰা হৈছে, যিবোৰ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ষ্ট্ৰং ৰুমটো ১০০% নিৰাপদ। অপ্ৰয়োজনীয়ভাৱে পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে।

তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়েও সন্ধিয়াৰ সময়ত সখাৱত মেম’ৰিয়েল স্কুলৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। ইয়াৰ উত্তৰত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে যিকোনো প্ৰাৰ্থীৰ তালৈ যোৱাৰ অধিকাৰ আছে আৰু আয়োগৰ ইয়াৰ ওপৰত কোনো আপত্তি নাই ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande