বুদ্ধ পূৰ্ণিমাত অসমৰ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা
গুৱাহাটী, ০১ মে'' (হি.স.)। বুদ্ধ পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীসহ সমগ্ৰ দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ভগৱান গৌতম বুদ্ধৰ বাণী জীৱনত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে নিজৰ বাৰ্
बुद्ध पूर्णिमा पर असम के मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


গুৱাহাটী, ০১ মে' (হি.স.)। বুদ্ধ পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীসহ সমগ্ৰ দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ভগৱান গৌতম বুদ্ধৰ বাণী জীৱনত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰীয়ে নিজৰ বাৰ্তাত কয় যে শান্তি, প্ৰেম, দয়া, অহিংসা আৰু অসীম কৰুণাৰ পৱিত্ৰ বাণীৰে বিশ্ব মানৱক আলোকিত কৰা মহান সত্তা গৌতম বুদ্ধৰ জীৱন আৰু দৰ্শন আজিও অত্যন্ত প্ৰাসংগিক। এই পৱিত্ৰ ক্ষণত তেওঁ বুদ্ধদেৱৰ শ্ৰীচৰণত গভীৰ শ্রদ্ধা আৰু ভক্তি নিবেদন কৰে।

তেওঁ লগতে কয় যে বুদ্ধদেৱৰ শান্তি আৰু মানৱতাৰ আদৰ্শ হৃদয়ত ধাৰণ কৰি সহমর্মিতা, সহনশীলতা আৰু মৰমেৰে ভৰা এখন সুন্দৰ সমাজ গঢ়াৰ বাবে সকলোৱে একেলগে আগবাঢ়িব লাগিব।

মুখ্যমন্ত্ৰীয়ে “বুদ্ধং শৰণং গচ্ছামি” বুলি উচ্চাৰণ কৰি সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰে।

------------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande