
চিৰাং, ০৯ এপ্ৰিল (হি.স.): চিৰাং জিলাৰ বিজনীত যোৱা কালি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দেই টকা বিতৰণ কৰিবলৈ অহাৰ অভিযোগ তোলে ইউপিপিএল কৰ্মীয়ে । ১ নং ভেটাগাঁওস্থিত প্ৰাক্তন ই এম প্ৰয়াত সিংহৰাম বড়োৰ ঘৰত টকা বিলাব অহাৰ অভিযোগ তুলি ইউপিপিএল কৰ্মীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এনেকুৱা ধৰণৰ ভুল কাম নকৰিবলৈ আহ্বান জনায় ইউপিপিএল কৰ্মীসকলে।
ইয়াৰ বিপৰীতে প্ৰাক্তন ই এম সিংহৰাম বড়োৰ পৰিয়াল আৰু বিপিএফ কৰ্মীয়ে প্ৰাৰ্থী অৰূপ কুমাৰ দেই কোনো ধৰণৰ টকা বিতৰণ কৰিবলৈ অহা নাই বুলি ইউপিপিএলৰ অভিযোগ খণ্ডন কৰে । অৰূপ কুমাৰ দেৰ পৰিয়ালৰ লগত সিংহৰাম বড়োৰ পৰিয়ালৰ দীৰ্ঘ দিনীয়া সম্পৰ্ক থকা বুলি দাবী কৰি প্ৰাৰ্থী গৰাকীয়ে চাহ খাবলৈ আহিছিল বুলি মন্তব্য কৰে । ইউপিপিএলৰ কৰ্মীয়ে ঘৰৰ ভিতৰত আৱদ্ধ কৰি গেট বন্ধ কৰি দিয়াতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে স্থানীয় বিপিএফ কৰ্মীয়ে। এই কাৰ্যৰ বাবে বিপিএফ কৰ্মী হিচাপে বহুত দুখ পাইছোঁ বুলি কয় বিপিএফ কৰ্মীয়ে। বিজনীত এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা যাতে নহয় তাৰ বাবে আহ্বান জনায় বিপিএফ কৰ্মীয়ে। অৱশ্যে ঘটনাস্থলীত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াসহ বিজনীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ