সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি
গোলাঘাট, ০৯ এপ্ৰিল (হি.স.)। নিৰ্বাচন শেষ নহওতেই হত্যাৰ ভাবুকি বিশ্বজিৎ ফুকনক। সৰুপথাৰ সমষ্টিৰ অজাপ প্ৰাৰ্থী জীৱন চুতীয়াৰ প্ৰৰোচনাত জীৱন চুতীয়াৰ সৰ্মথকে হত্যাৰ ভাবুকি দিলে বিশ্বজিৎ ফুকনক ।যোৱা নিশা যোগেশ্বৰ গগৈ নামৰ ব্যক্তিজনে সামাজিক মাধ্যমত তুচ্ছ
সৰুপথাৰ সমষ্টিৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি


গোলাঘাট, ০৯ এপ্ৰিল (হি.স.)। নিৰ্বাচন শেষ নহওতেই হত্যাৰ ভাবুকি বিশ্বজিৎ ফুকনক। সৰুপথাৰ সমষ্টিৰ অজাপ প্ৰাৰ্থী জীৱন চুতীয়াৰ প্ৰৰোচনাত জীৱন চুতীয়াৰ সৰ্মথকে হত্যাৰ ভাবুকি দিলে বিশ্বজিৎ ফুকনক ।যোৱা নিশা যোগেশ্বৰ গগৈ নামৰ ব্যক্তিজনে সামাজিক মাধ্যমত তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়ে বিশ্বজিৎ ফুকনক ।

বিশ্বজিৎ ফুকনে সৰুপথাৰ আৰক্ষী প্ৰশাসনক এজাহাৰ দাখিল কৰা পাছতো বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই হত্যাৰ ভাবুকি দিয়া যোগেশ্বৰ গগৈক। যোৱা নিশা বিশ্বজিত ফুকনৰ সমৰ্থক অমল কোঁৱৰক জীৱন চুতীয়াৰ সমৰ্থকে বৰ বেয়াকে মাৰধৰ কৰে । মাৰধৰ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হয় অমল কোঁৱৰ । ইতিমধ্য দুদিনপূৰ্বে বিশ্বজিৎ ফুকনৰ ঘৰত গ্ৰেণেড নিক্ষেপ কৰিছিল দুস্কৃতিকাৰীৰ দলে। এতিয়া আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়াহে লক্ষণীয় হব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande