শিৱসাগৰত ভোট গ্ৰহণৰ আগমুহূৰ্তত নিৰ্বাচনী হিংসাক লৈ উত্তেজনা
শিৱসাগৰত ভোট গ্ৰহণৰ আগমুহূত্বত নিৰ্বাচনী হিংসাক লৈ উত্তেজনা
শিৱসাগৰত ভোট গ্ৰহণৰ আগমুহূৰ্তত নিৰ্বাচনী হিংসাক লৈ উত্তেজনা


শিৱসাগৰ, ০৯ এপ্ৰিল (হি.স.): শিৱসাগৰত ভোট গ্ৰহণৰ আগমুহূৰ্তত কালি নিশা নিৰ্বাচনী হিংসাক লৈ উত্তেজনাৰ সৃষ্টি হয় ৷ শিৱসাগৰৰ পানবেচাত বিজেপি কৰ্মীৰ আক্ৰমণত মহিলা সহ তিনি গৰাকীকৈ ৰাইজৰ দলৰ কৰ্মী গুৰুত্বৰ ভাৱে আহত হয় ৷ আত্মীয়ৰ সৈতে নিমাইজানৰ পৰা ফুৰিবলৈ যোৱা পুৱালী গগৈ আৰু আদিত্য গগৈক গাড়ী সহ বিজেপি কৰ্মীয়ে আৱদ্ধ কৰি আক্ৰমণ কৰে ৷ ইয়াৰ পিছতেই পুবালী গগৈ আৰু আদিত্যক উদ্ধাৰ কৰিবলৈ যোৱা ৰাইজৰ দলৰ কৰ্মী দেৱজিত লিকচন, পানবেচা বেটেনাৰ সত্যজিত দুৱাৰা পূৱালী গগৈক বৰ্বৰ আক্ৰমণ কৰে ঘটনাৰ পিছতেই আহত ৰাইজৰ গলৰ কৰ্মী সকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

এই আক্ৰমণৰ লগত বিজেপি কৰ্মী- চন্দন বৰপাত্ৰ গোহাই, টিকেন্দ্ৰজিত কোঁৱৰ, সুনিত গগৈ,সঞ্জীৱ কোঁৱৰ, তুলন গগৈ, বিনোদ গগৈ জড়িত থকাৰ অভিযোগ কৰিছে আহত ব্যক্তি সকলে ঘটনাত আহত দেৱজিত লিকচনে বুকু, মূৰ আৰু ভৰিত আঘাত পাইছে ৷ৰাইজৰ দলৰ কৰ্মীক আক্ৰমণ কৰাৰ পিছত শিৱসাগৰত উতপ্ত পৰিস্থিতি। শিৱসাগৰ থানা ঘেৰাও কৰি শতাধিক ৰাইজৰ দলৰ কৰ্মী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত। কিছু সময়ৰ পুৰ্বে পানবেচা অঞ্চলত ৰাইজৰ দলৰ কৰ্মীক প্ৰহাৰ কৰাৰ পাছতে উদ্ভৱ হয় এই উত্তপ্ত পৰিস্থিতিৰ৷ বিজেপি কৰ্মীয়ে ৰাইজৰ এগৰাকী মহিলা সহ তিনিজন ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগ তুলিছিল ৷ঘটনাৰ ন্যায় বিচাৰি শিৱসাগৰ সদৰ থানাৰ সন্মুখত উত্তপ্ত কৰি তুলে দলীয় সমৰ্থক সকলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande