দলগাঁৱত বি এল অ’ৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত জ্যেষ্ঠ নাগৰিক
দৰং, ০৯ এপ্ৰিল (হি.স.)। এফালে দেশজুৰি চলিছে গণতন্ত্ৰৰ মহা উৎসৱ, আনফালে আকৌ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে একাংশ জ্যেষ্ঠ নাগৰিক। দলগাঁৱৰ অমৰপলি গাঁৱত আজি তেনে এক কাণ্ড জ্ঞানহীন ঘটনা পোহৰলৈ আহ
দলগাঁৱত বি এল অ’ৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত জ্যেষ্ঠ নাগৰিক


দৰং, ০৯ এপ্ৰিল (হি.স.)। এফালে দেশজুৰি চলিছে গণতন্ত্ৰৰ মহা উৎসৱ, আনফালে আকৌ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে একাংশ জ্যেষ্ঠ নাগৰিক। দলগাঁৱৰ অমৰপলি গাঁৱত আজি তেনে এক কাণ্ড জ্ঞানহীন ঘটনা পোহৰলৈ আহিছে। ভোটদানৰ পৰা বঞ্চিত অসুস্থ বৃদ্ধা আইতা হিৰামাই কোছ। আজি অনুষ্ঠিত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগ্ৰহী আছিল যদিও বি এল অ’ ৰ চৰম গাফিলতিৰ বাবে তেওঁ ভোটদান কৰিব নোৱাৰিলে আইতাই সংবাদ মাধ্যমৰ আগত অত্যন্ত আৱেগিক হৈ আইতাই কয় যে তেওঁৰ এখন ভৰি ভঙাৰ লগতে দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ ঘৰতে সোমাই আছে। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি, এনে শাৰীৰিকভাৱে অক্ষম আৰু অসুস্থ জ্যেষ্ঠ নাগৰিক সকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ যি বিশেষ সুবিধা থাকিব লাগিছিল, সেইক্ষেত্ৰত স্থানীয় বি এল অ’ গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে। বি এল অ’ৰ যি দায়িত্ব আছিল, সেই দায়িত্ব পালনত তেওঁ সম্পূৰ্ণ ব্যৰ্থ হৈছে।

তেও কয়, অসুস্থতাৰ বাবে ভোটকেন্দ্ৰলৈ যোৱাটো অসম্ভৱ আছিল, যাৰ বাবে তেওঁ ঘৰতে অপেক্ষা কৰিছিল। চৰকাৰ তথা নিৰ্বাচন আয়োগে জ্যেষ্ঠ নাগৰিকৰ বাবে বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিলেও, তৃণমূল পৰ্যায়ৰ বিষয়াৰ এনে গাফিলতিয়ে প্ৰকৃততে কিমানখিনি কাম কৰিছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আইতাৰ এই দুখৰ কাহিনীয়ে আজি গণতন্ত্ৰৰ আন এক কৰুণ ছবিহে প্ৰতিফলিত কৰিলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande