সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ ভোট দান
গোলাঘাট, ০৯ এপ্ৰিল (হি.স.)। অসম বিধানসভাৰ ১২৬ টা সমষ্টিত আজি ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে গণতান্ত্ৰিক অধিকাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ বিধানসভা সমষ্টিটো পুৱাৰে পৰা ভোটাৰ ভিৰ পৰিলক্ষিত হৈছে। এইবাৰ সৰুপথাৰ বিধানসভা সমষ্টিত তিনিজনকৈ প্ৰাৰ্থ
সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ ভোট দান


গোলাঘাট, ০৯ এপ্ৰিল (হি.স.)। অসম বিধানসভাৰ ১২৬ টা সমষ্টিত আজি ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে গণতান্ত্ৰিক অধিকাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ বিধানসভা সমষ্টিটো পুৱাৰে পৰা ভোটাৰ ভিৰ পৰিলক্ষিত হৈছে।

এইবাৰ সৰুপথাৰ বিধানসভা সমষ্টিত তিনিজনকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ইভিএমত। সৰুপথাৰ বিধানসভা সমষ্টিৰ যোৰহটীয়া গাঁৱৰ শিশুকল্যাণ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিল বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে। উল্লেখ্য যে পত্নী, জীয়ৰীৰ সৈতে ভোটাৰৰ লগত একেলগে শাৰী পাতি ভোট প্ৰদান কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande