
ধুৰন্ধৰ ছবিৰে খ্যাতি লাভ কৰা অভিনেত্ৰী ছাৰা অৰ্জুনে এতিয়া নিজৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ প্ৰজেক্টৰ বাবে সাজু হৈছে। খবৰ অনুসৰি, হিন্দী চিনেমাৰ কিংবদন্তি অভিনেত্ৰী মধুবালাৰ বায়’পিকত মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে চয়ন কৰিছে ছাৰাক। ছবিখনৰ প্ৰযোজক সঞ্জয় লীলা ভাঞ্চালী আৰু পৰিচালনা কৰিব যশমীত কে ৰীনে।
বৰ্তমান ছবিখনৰ প্ৰি-প্ৰডাকচন চলি আছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই প্ৰত্যাহ্বানমূলক ভূমিকাৰ বাবে ছাৰা অৰ্জুনে শাৰীৰিক ৰূপান্তৰ, সংলাপ প্ৰদান, আৰু যুগৰ বাবে উপযুক্ত ৰূপ গ্ৰহণকে ধৰি ব্যাপক প্ৰস্তুতি চলাব। বায়’পিকখন যিমান পাৰি প্ৰামাণিক হোৱাটো নিশ্চিত কৰিবলৈ প্ৰযোজকসকলে বিতংভাৱে গুৰুত্ব দিছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, মধুবালাৰ ব্যক্তিত্ব আৰু মনোমোহাতাক জীৱন্ত কৰি তুলিবলৈ সাৰাৰ ব্যাপক প্ৰশিক্ষণ লোৱা হ’ব। অৱশ্যে সাৰা অৰ্জুনৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই প্ৰযোজকসকলে। যদিহে এই কাষ্টিং চূড়ান্ত কৰা হয় তেন্তে ই ছাৰাৰ কেৰিয়াৰৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ