
কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। ভোটাৰ ৰাইজক নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ । নিজে ভোটদান কৰাৰ পিছত ভৱেশ কলিতাই অসমৰ ৰাইজে পুনৰবাৰ বিজেপি চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰে । খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ সকলোকে ওলাই আহিবলৈ বিধায়ক কলিতাই আহ্বান জনায় ।
বৰষুণৰ বতৰক কেন্দ্ৰ কৰি বিধায়ক গৰাকীৰ মন্তব্য়, কয় যে এয়া বৰুণ দেৱতাৰ পুষ্পবৃষ্টি ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা