
দৰং, ০৯ এপ্ৰিল (হি.স.): দৰং জিলাৰ মঙ্গলদৈ কেৰিমেৰিত যোৱা কালি সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই ঘটনাত এজন লোকৰ মৃত্যু হয় ।
মঙ্গলদৈ কেৰিমেৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্টাক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । স্কুটি আৰোহী আব্দুল চালাম আৰু লোকনাথ দাসক স্থানীয় ৰাইজে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোকনাথ দাসৰ মৃত্যু হয়। দুয়োজনৰে ঘৰ খাৰুপেটীয়াত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ