
কাঠমাণ্ডু, ০৯ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে নিজৰ কাৰ্যকালৰ মাত্ৰ পোন্ধৰ দিন অন্তত এজন মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিছে।
আচলতে শ্ৰম, নিয়োগ আৰু সামাজিক সুৰক্ষা মন্ত্ৰী দীপক কুমাৰ শ্বাহে নিজৰ পত্নী জুনু শ্ৰেষ্ঠক স্বাস্থ্য বীমা ব’ৰ্ডৰ সদস্য হিচাপে পুনৰ নিযুক্তি দিয়াৰ বিতৰ্কিত সিদ্ধান্ত লৈছিল। তদুপৰি তেওঁৰ পটভূমি বিতৰ্কিত হৈ আহিছে।
ইয়াৰ পিছতে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ ৰবি লামিচানে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি মন্ত্ৰী শ্বাহে নিজৰ পদৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে আজি প্ৰধানমন্ত্ৰী শ্বাহে তেওঁক পদৰ পৰা অপসাৰণ কৰে। মাত্ৰ ১৩ দিন পূৰ্বে শ্বাহক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।
আৰ এছ ভি পিৰ মুৰব্বী লমিছানে এই বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰী নিশা মেহতাক সতৰ্কবাণীৰো পৰামৰ্শ দিয়ে। এই পৰামৰ্শৰ ভিত্তিত প্ৰধানমন্ত্ৰী শ্বাহে মন্ত্ৰী মেহতাকো সকীয়াই দিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ