নেপালৰ উপাধ্যক্ষ পদৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
কাঠমাণ্ডু, ০৯ এপ্ৰিল (হি.স.)। প্ৰতিনিধি সদনৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে দুগৰাকী প্ৰাৰ্থীয়ে। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সৰস্বতী লামা আৰু শ্ৰম সাংস্কৃতিক পাৰ্টিৰ ৰুবী কুমাৰী ঠাকুৰে মনোনয়ন দাখিল কৰিছে। প্রতিনিধি সদনৰ উপাধ্যক্ষ পদৰ ব
डिप्टी स्पीकर के उम्मीदवार रूबी कुमारी ठाकुर और सरस्वती लामा


কাঠমাণ্ডু, ০৯ এপ্ৰিল (হি.স.)। প্ৰতিনিধি সদনৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে দুগৰাকী প্ৰাৰ্থীয়ে। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সৰস্বতী লামা আৰু শ্ৰম সাংস্কৃতিক পাৰ্টিৰ ৰুবী কুমাৰী ঠাকুৰে মনোনয়ন দাখিল কৰিছে।

প্রতিনিধি সদনৰ উপাধ্যক্ষ পদৰ বাবে ২৫ বছৰীয়া ৰুবী কুমাৰী ঠাকুৰ শ্রমিক সাংস্কৃতিক দলৰ পৰা প্রার্থী কৰা হৈছে ৷ দলৰ সাধাৰণ সম্পাদক কবিন্দ্ৰ বুৰ্লাকোটিয়ে উল্লেখ কৰে যে শাসকীয় ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে উপাধ্যক্ষ পদৰ বাবে শ্ৰম সাংস্কৃতিক পাৰ্টিৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।

ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে সৰস্বতী লামাক মনোনীত কৰিছে। তেওঁৰ প্ৰস্তাৱক আছিল আৰ পি পিৰ নেতা জ্ঞানেন্দ্ৰ শ্বাহী, আনহাতে তেওঁৰ সমৰ্থকসকলৰ ভিতৰত আছে তাহিৰ আলী, খুছবু অলি আৰু ভাৰত গিৰি।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande