
ওডালগুৰি, ০৯ এপ্ৰিল (হি.স.)। আজি গণতন্ত্ৰৰ বৃহৎ উৎসৱ | আজি ভোটগ্রহণ | একেটা পর্যায়তে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত চলিছে ভোটদান প্রক্রিয়া | গণতন্ত্রৰ এই বৃহৎ উৎৱক লৈ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ আমিন পাৰা প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রটো পুৱাৰে পৰাই ভোটাৰৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে |
ভোট কেন্দ্রটোত মুঠ ভোটাৰৰ সংখ্যা ৪৩৯০ গৰাকী | বর্তমানলৈ প্রায় ৬০ শতাংশ ভোটদান সম্পন্ন হৈছে ভোটকেন্দ্র টোত | কিনকিনীয়া বৰষুণৰ মাজতো শাৰী পাতি ভোটদানৰ বাবে অপেক্ষা সাধাৰণ ভোটাৰে | প্রতিজন ভোটাৰে এখন সুস্থ আৰু শক্তিশালী গণতান্ত্রিক দেশ নির্মানৰ বাবে ওলাই আহিছে বুলি মন্তব্য কৰিছে | গণতান্ত্রিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ স্বার্থত এগৰাকী যোগ্য জনপ্রতিনিধিক নির্বাচনৰ বাবে কিনকিনিয়া বৰষুণকো নেউচি ওলাই আহিছে সাধাৰণ ভোটাৰ সকল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু