
নতুন দিল্লী, ০৯ এপ্ৰিল (হি.স.)। দিল্লী কেপিটেলছৰ বিৰুদ্ধে বুধবাৰে নিশা অনুষ্ঠিত খেলখনৰ সময়ত গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলক ১২ লাখ ₹ জৰিমনা বিহা হৈছে।
আই পি এলৰ মিডিয়া এডভাইজাৰেৰ মতে, দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৪ সংখ্যক মেচত দিল্লী কেপিটেলছ (ডি চি)ৰ বিৰুদ্ধে গুজৰাটে লেহেমীয়া অভাৰ ৰেট বজাই ৰাখিছিল। যিহেতু আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলটোৱে এই ছিজনৰ প্ৰথমটো উলংঘা (যিটোৱে নূন্যতম অতিৰিক্ত হাৰৰ উলংঘাৰ বিষয়ে আলোচনা কৰে), গতিকে গিলক ১২ লাখ ₹ জৰিমনা বিহা হয়।
খেলখনৰ সন্দৰ্ভত গুজৰাটে দিল্লী কেপিটেলছক এক ৰাণত পৰাস্ত কৰি আই পি এল ২০২৬ৰ প্ৰথমটো জয় নিশ্চিত কৰে। প্ৰথমে বেটিং কৰি গুজৰাটে ২০ অভাৰত ৪ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। ইফালে ২১১ ৰানৰ লক্ষ্য খেদি দিল্লীয়ে ৮ উইকেটত মাত্ৰ ২০৯ ৰানহে কৰিব পাৰিছিল। ফাইনেল অভাৰত ১৩ ৰানৰ প্ৰয়োজন হোৱাৰ বাবে তেওঁলোকে মাত্ৰ ১১ ৰানহে মেনেজ কৰিছিল। গুজৰাট টাইটানছৰ পৰৱৰ্তী মেচ হ’ব ১২ এপ্ৰিল দেওবাৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ