হাজোত টেক্টৰ দুৰ্ঘটনাত এজন লোক নিহত, আহত এজন
কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। হাজোৰ বঙালপাৰা ৰতনপুৰত টেক্টৰ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। হাজোৰ বঙালপাৰা ৰতনপুৰত আজি টেক্টৰ দুৰ্ঘটনা এজনৰ মৃত্যু আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। এখন ই–ৰিক্সাক চাইড দিবলৈ গৈ টেক্টৰ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰ
হাজোত টেক্টৰ দুৰ্ঘটনাত এজন লোক নিহত, আহত এজন


কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। হাজোৰ বঙালপাৰা ৰতনপুৰত টেক্টৰ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। হাজোৰ বঙালপাৰা ৰতনপুৰত আজি টেক্টৰ দুৰ্ঘটনা এজনৰ মৃত্যু আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। এখন ই–ৰিক্সাক চাইড দিবলৈ গৈ টেক্টৰ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে।

ফলত দুৰ্ঘটনাস্থলীতে ৰাজু আলী (২৭)নামৰ এজন লোক জনৰ থিতাতে মৃত্যু হয়, আৰু চুবাহান আলী (২০)নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আহতজনক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে, ভোট গ্ৰহণ চলি থকা দিনতেই সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande