
কোকৰাঝাৰ, ০৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰীৰ ভোটদান । দেৱৰগাঁও হাইস্কুলৰ ১০৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা প্ৰাৰ্থী শিউলী মহিলাৰীয়ে ।
ভোটদানৰ অন্তত সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীৰ মন্তব্য–বিটিচিৰ ১৫ টা সমষ্টিৰ ভিতৰত ১৫ টা সমষ্টিয়ে লাভ কৰিব এনডিএই ।
তেও উল্লেখ কৰে, চৰকাৰ এনডিএৰে হ'ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব । এনডিৰ চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত ৷ আনহাতে শিউলী মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টিৰ পৰা তেওঁৰ জয়ী হোৱাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷ লগতে জয়ী হোৱাৰ পিছত মন্ত্ৰিত্ব বিচাৰিব বুলিও কয় কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী তথা হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু