
তিনিচুকীয়া, ০৯ এপ্ৰিল (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈত যোৱা কালি সন্ধিয়া পুখুৰীত পৰি এটি কনমানি শিশুৰ মৃত্যু হয় । ডিগবৈ থানাৰ অন্তৰ্গত ৩নং বৰবিলত এক শোকাবহ ঘটনা সংঘটিত হয় ।
জানিব পৰামতে, নিজৰ ঘৰৰ চোতালত খেলি থকা অৱস্থাত ৰতন ভুমিজ নামৰ ব্যক্তিজনৰ প্ৰায় ২ বছৰীয়া এটি শিশুৱে হঠাৎ পুখুৰীত পৰি যায়। বহু সময় লৈকে পৰিয়ালৰ লোকে বিচাৰি নোপোৱাত পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে পুখুৰীত পৰা থকা গম পাই, শিশুটোক পুখুৰীৰ পৰা উদ্ধাৰ কৰি লগে লগে ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লই যায়। পৰিয়াল লোকে চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ