
কামৰূপ, ০৯ এপ্ৰিল (হি.স.)। জালুকবাৰী বিধানসভা সমষ্টিৰ গড়লত ভোট প্ৰদানৰ পূৰ্বে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত সপৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ভোটদানৰ পূৰ্বে পত্নী, পুত্ৰ আৰু জীয়ৰীৰ সৈতে সেৱা ল'লে দৌল গোবিন্দ মন্দিৰত ড০ হিমন্ত বিশ্ব শৰ্মাই । সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত পোন প্ৰথমবাৰৰ বাবে নব গঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ গড়লত ভোটদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে বিগত ২০ বছৰে মুখ্যমন্ত্ৰী গৰাকীয়ে আমিনগাঁৱৰ বেংগলী হাইস্কুলত ভোটদান কৰি আহিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । নতুন সমষ্টিত ভোট প্ৰদানৰ তিতা-মিঠা অভিজ্ঞতাৰ কথা কলে মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে কোনোধৰণৰ ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকি আজি সকলোকে ভোটদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা