
বজালী, ০৯ এপ্ৰিল (হি.স.)। বজালী জিলাৰ ২১নং ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ ২২৪ নং আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত অতি শুশৃংখল ভাবে ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে | ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ মুল ভোটাৰৰ সংখ্যা ২১৪৮০৮।
ইয়াৰ ভিতৰত পুৰুষ– ১০৭৯১৩, মহিলা– ১০৬৮৯৫, ভোট কেন্দ্ৰ ২৭০টা।
বিশেষকৈ সজাই পৰাই সকলো সা– সুবিধাৰে সজ্জিত কৰি ৰাখিছে এই আদৰ্শ ভোট কেন্দ্ৰটো |
সংবাদ মাধ্যম, প্ৰশাসনিক বিষয়া , চিকিৎসকৰ সুকীয়া কোঠাৰ ব্যৱস্থা কৰিছে | উল্লেখযোগ্য যে বিশেষকৈ জেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে | পুৱা নব প্ৰজন্ম ভোটাৰ আৰু জেষ্ঠ ভোটাৰ সকলৰ মাজত গছপুলি বিতৰণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে এই ২২৪ নং আদৰ্শ ভোট কেন্দ্ৰটোৰ বিষয়ববীয়া সকলে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা