আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
গুৱাহাটী, ০৯ এপ্ৰিল (হি.স.)। অসমত আজি ৯ এপ্ৰিল বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। ষষ্ঠদশ বিধানসভা গঠনৰ বাবে অসমৰ ১২৬ টা সমষ্টিত একক পৰ্যায়ত আজি ভোটগ্ৰহণ কৰা হ’ব । ষোড়ষ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে সাজু হৈছে প্ৰ
বিধানসভা


গুৱাহাটী, ০৯ এপ্ৰিল (হি.স.)। অসমত আজি ৯ এপ্ৰিল বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। ষষ্ঠদশ বিধানসভা গঠনৰ বাবে অসমৰ ১২৬ টা সমষ্টিত একক পৰ্যায়ত আজি ভোটগ্ৰহণ কৰা হ’ব । ষোড়ষ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে সাজু হৈছে প্ৰশাসন। প্ৰতিটো কেন্দ্ৰতে যাতে নিৰ্বিঘ্নে আৰু সুশৃংখলভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়, তাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া কৰ্মীসকল ভোটকেন্দ্ৰসমূহত আগদিনাই উপস্থিত হৈছে আৰু আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈ পৰে। ৰাজ্যৰ ৩১ হাজাৰ ৪৮৬টা ভোটকেন্দ্ৰত এই ভোটগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ নিৰ্বাচনত মুঠ ১ লাখ ৫১ হাজাৰ ১৩২ গৰাকী ভোটগ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে। লগতে সুচাৰুৰূপে ভোটগ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ লগতে চিআৰপিএফ বাহিনী মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩ গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯ গৰাকী । উল্লেখযোগ্য যে, অসমত মুঠ ৮১৫গৰাকী প্ৰাৰ্থীয়ে ১২৬টা সমষ্টিত ১,৩৮৯খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত ৭৮৯গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে যোগ্য বুলি বিবেচিত হৈছিল। এই ৭৮৯গৰাকী বৈধ প্ৰাৰ্থীৰ ভিতৰত ৬৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। যাৰ ফলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থীৰ সংখ্যা ৭২২ গৰাকী হয়গৈ ।

উল্লেখযোগ্য যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থীসকলৰ ভাগ্য নিশ্চিত কৰিব । ইয়াৰ ভিতৰত ১,২৫,৩১,৫৫২ জন পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । তদুপৰি ৬৩,৪২৩ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে ।

আনহাতে এই নিৰ্বাচনত ১৮-১৯ বছৰৰ ৬,৪২,৩১৪ গৰাকী ভোটাৰ, ২,৫০,০০৬ গৰাকী ৮০ বছৰৰ ঊৰ্ধ্বৰ আৰু ২,০৫,০৮৫ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ভোটাৰৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে দলগাঁও। ইয়াত আছে ৩ লাখ ১৭ হাজাৰ ১১০গৰাকী ভোটাৰ। ইয়াৰ বিপৰীতে অসমৰ সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টিটো হৈছে আমৰি। ইয়াত আছে ১ লাখ ৪৯৪গৰাকী ভোটাৰ। ইয়াৰ বাবে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত মুঠ ৩১ হাজাৰ ৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে ভোটদান কৰি আগন্তুক পাঁচ বছৰৰ বাবে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।

অসমৰ মুঠ ১২৬ টা সমষ্টিৰ ভিতৰত ৯৮ টা সাধাৰণ শ্ৰেণীৰ হোৱাৰ বিপৰীতে ৯ সমষ্টি অনুসূচিত জাতি আৰু ১৯ টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। অসমত আছে মুঠ ১৯টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। সেইকেইটা বিধানসভা সমষ্টি ক্ৰমে- দতমা, কোকৰাঝাৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, চিদলী-চিৰাং, বোকো-ছয়গাঁও, বাক্সা, তামুলপুৰ, ওদালগুৰি, ঢকুৱাখনা, ধেমাজি, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলং। আনহাতে, অসমত আছে ৯টা অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভা সমষ্টি। এই কেইটা সমষ্টি ক্ৰমে- বৰপেটা, হাজো-শুৱালকুচি, ডিমৰীয়া, ৰহা, বিহালী, নাওবৈচা, ধলাই আৰু ৰামকৃষ্ণ নগৰ। ইয়াৰ বাহিৰে ৰাজ্যৰ ৯৮টা সমষ্টি অসংৰক্ষিত।

প্ৰণিধানযোগ্য যে এইবাৰ অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত সমষ্টিভিত্তিক সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিৰ সংখ্যা হৈছে দুটা । সেয়া হৈছে ১২২ নং আলগাপুৰ-কাটলিচেৰা আৰু ১২৪ নং দক্ষিণ কৰিমগঞ্জ । এই দুয়োটা সমষ্টিতে ১৫ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । একেদৰে সৰ্বনিম্ন প্ৰাৰ্থী থকা সমষ্টিৰ সংখ্যা হৈছে ৯ টা । এই কেইটা সমষ্টিৰ প্ৰতিটোতে মাত্ৰ ২ গৰাকীকৈ প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতা কৰিছে । এই সমষ্টিকেইটা হৈছে- ৩১ নং ৰঙিয়া, ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৬৩ নং হোজাই, ৬৯ নং নদুৱাৰ, ৮০ নং জোনাই (অনুসূচিত জনজাতি), ৮২ নং ডুমডুমা, ৯৪ নং মাহমৰা, ৯৯ নং টীয়ক আৰু ১১৪ নং লখিমপুৰ সমষ্টি ।

মন কৰিবলগীয়া যে ২০২১ৰ পঞ্চদশ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল আৰু সেইবাৰ বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই ৭৫ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০ খন, অগপ দলে ৯ খন আৰু ইউপিপিএল দলে ছখন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৪৬ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত কংগ্ৰেছে ২৯ খন, এআইইউডিএফ দলে ১৬ খন আৰু চিপিআইএম দলে এখন আসন লাভ কৰিছিল।

উল্লেখ্য যে চলিত পঞ্চদশ অসম বিধানসভাৰ কাৰ্যকাল অহা ২০ মেত অন্ত পৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande