অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ভোটদান, ৰাইজক ভোটদানৰ আহ্বান
গুৱাহাটী, ০৯ এপ্ৰিল (হি.স.)। অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৃহস্পতিবাৰে বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ নিজৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। তেওঁ উল্লেখ কৰে যে তেওঁৰ ভোট সুস্থ গণতন্ত্ৰ, অসমৰ নিৰাপত্তা, আৰু ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ
Assam BJP President Dilip Saikia Casting his Vote.


গুৱাহাটী, ০৯ এপ্ৰিল (হি.স.)। অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বৃহস্পতিবাৰে বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ নিজৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। তেওঁ উল্লেখ কৰে যে তেওঁৰ ভোট সুস্থ গণতন্ত্ৰ, অসমৰ নিৰাপত্তা, আৰু ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে।

২৭১ নম্বৰ বুথত ভোটদান কৰাৰ পাছত দিলীপ শইকীয়াই সমগ্ৰ ৰাজ্যৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়। তেওঁ লগতে যিসক ভোটাৰে এতিয়ালৈকে ভোট দিয়া নাছিল, তেওঁলোককো সন্ধিয়া ৫ বজাৰ আগতে নিজৰ ভোটাধিকাৰৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

শইকীয়াই অসমৰ সাংস্কৃতিক অনুভূতিহ প্ৰকাশ কৰি মানুহক গণতান্ত্ৰিক মূল্য়সমূহ ৰক্ষা কৰি অসমৰ বিকাশৰ যাত্ৰা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande