
চণ্ডীগড়, ০৭ এপ্ৰিল (হি.স.)। প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজোৎ সিং সিদ্ধুৰ পত্নী ড° নৱজোত কৌৰ সিদ্ধুৱে নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে। এক্স হেণ্ডেলত পোষ্ট কৰি নৱজোত কৌৰ সিদ্ধুৱে ভাৰতীয় ৰাষ্ট্ৰীয় পাৰ্টি গঠনৰ কথা ঘোষণা কৰে। অৱশ্যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময়ত সিদ্ধু তেওঁৰ লগত নাছিল।
উল্লেখ্য যে বৰ্তমান সিদ্ধু ক্ৰিকেট খেলৰ মন্তব্যত ব্যস্ত। ড° নৱজোত কৌৰ সিদ্ধুৱে পঞ্জাৱত মুখ্য সংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে স্বামীৰ সৈতে কংগ্ৰেছ দলতো সক্ৰিয় হৈ আহিছে। সোমবাৰে গভীৰ নিশা এক্সৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰি সিদ্ধুৱে নিজৰ পাৰ্টিৰ কথা মনে মনে ঘোষণা কৰে।
তেওঁৰ পোষ্টটোত লিখিছে যে আগ্ৰহেৰে অপেক্ষা কৰা ঘোষণাটো এতিয়া ইয়াত উপস্থিত হৈছে। ৰাজনৈতিক নেতাসকলৰ বৰ্তমানৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি আৰু পৰ্যালোচনা কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন বিকল্পৰ কাম আৰম্ভ কৰিছো। আমি কেৱল আমাৰ দেশৰ প্ৰতি আমাৰ জীৱন উৎসৰ্গা কৰিব বিচাৰো আৰু জনসাধাৰণক তেওঁলোকে প্ৰকৃততে যি প্ৰাপ্য আৰু আমাৰ পৰা আশা কৰে, সেইখিনি ঘূৰাই দিব বিচাৰো। ই হৈছে ঐশ্বৰিক হস্তক্ষেপ যিয়ে প্ৰতিখন ৰাজ্যতে কাম কৰাৰ ক্ষমতা, আত্মবিশ্বাস, সাহস আৰু দৃঢ়তা থকা সমমনা ব্যক্তিৰ এটা দলক একত্ৰিত কৰিছে।
তেওঁলোকৰ এটা উমৈহতীয়া লক্ষ্য— ন্যায় আৰু শান্তি প্ৰদান কৰা, আৰু প্ৰেমৰ জৰিয়তে উচ্চ চেতনাৰ শক্তিৰে কাম কৰি আমি ৱাহেগুৰু জীয়ে বিচৰা ধৰণেই লাভ কৰিম। আমি পঞ্জাৱক হেৰুৱা গৌৰৱলৈ ঘূৰাই আনিবলৈ আগবাঢ়ি যাম— সোণালী ৰাজ্য হোৱাৰ গৌৰৱ। এনে এখন ৰাষ্ট্ৰ য’ত মানুহে প্ৰেম, ভাগ-বতৰা, ন্যায়, স্বাধীনতাৰ অধিকাৰ, আৰু স্বাধীনতাৰ শক্তিক স্বীকাৰ কৰে। য'ত মানুহে কোনো বাহ্যিক হস্তক্ষেপ নোহোৱাকৈ নিজৰ লক্ষ্য, মূল্যবোধ আৰু দৃষ্টিভংগীত উপনীত হ'বলৈ নিস্বাৰ্থ সেৱা আৰু আধ্যাত্মিক বিকাশৰ দিশত কাম কৰে। এইখন হ’ব পঞ্জাৱৰ জনসাধাৰণৰ, জনসাধাৰণৰ বাবে, আৰু জনসাধাৰণৰ দ্বাৰা চৰকাৰ।
আধ্যাত্মিক নেতাৰ সহায়ত আমি মানুহৰ আঘাতপ্ৰাপ্ত আত্মাক সান্ত্বনা কঢ়িয়াই আনিম আৰু স্বয়ং ‘ৱাহেগুৰু জী’ৰ ভাষা ‘সত্য আৰু প্ৰেম’ৰ পথ অনুসৰণ কৰিম।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া