
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন । অহা ৯ এপ্ৰিল বৃহস্পতিবাৰে অসমত গ্ৰহণ কৰা হব ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচন উপলক্ষে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলে ব্য়াপক প্ৰচাৰ অভিযান চলাই গৈছে। আজি মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিন। অহা বৃহস্পতিবাৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচন উপলক্ষে নিৰ্ধাৰিত আচৰণ বিধি অনুসৰি আজি মঙলবাৰে বিয়লি ৫ বজাত সামৰণি পৰিব প্ৰচাৰ অভিযান। আজিৰে পৰা কোনোৱে আনুষ্ঠানিকভাৱে কোনোৱে চলাব নোৱাৰিব প্ৰচাৰ অভিযান। ইফালে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা পুৱাৰে পৰাই উথপথপ হৈ পৰিছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ।
উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসক তথা বিৰোধীয়ে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান চলাই গৈছে। দিনে নিশাই অব্যাহত আছে এই প্ৰচাৰ অভিযান। এইক্ষেত্ৰত শাসকীয় বিজেপি দলটোৱে একেৰাহে তৃতীয়বাৰলৈ ক্ষমতা হস্তগত কৰিবলৈ ব্যাপক প্ৰচাৰ কাৰ্য চলায়। প্ৰধানমন্ত্ৰী, নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ জোৰদাৰ প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমবাৰে বৰপেটা, হোজাই আৰু ডিব্ৰুগড়কে ধৰি তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মন কৰিবলগীযা যে প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে বিগত ১ এপ্ৰিলত অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছিল ৷
একেদৰে কংগ্ৰেছ দলৰ হৈ দলটোৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে ব্যাপক প্ৰচাৰ অভিযান চলায়। একেদৰে সংখ্যালঘূ ভোটাৰক একত্ৰিত কৰি ৰাখিবলৈ অসমত এআইএমএম দলৰ সভাপতি আছাদুদ্দিন ওৱেইছিয়েও নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰে।
নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে দেওবাৰৰ পৰা অসমৰ ৰাজনীতিত দুটা নাম আটাইতকৈ চৰ্চিত হৈ আছে । সেই দুটা হৈছে কংগ্ৰেছ নেতা পৱন খেৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা । পৱন খেৰাই সংবাদ মাধ্যমত ৰিণিকি ভূঞাৰ একাধিক পাৰ্ছপ'ৰ্টৰ তথ্য দাঙি ধৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে ষষ্ঠদশ অসম বিধানসভাৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩ গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯ গৰাকী । দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক ৯৯ খন আসনত আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৯০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে আম আদমী পাৰ্টীয়ে ১৮ খন আসন, চিপিআই (এম) দলে ২ খন, অসম গণ পৰিষদে ২৬ খন, এ আই ইউ ডি এফ দলে ৩০ খন, বি পি এফে ১১ খন, ইউ পি পি এল দলে ১৮ খন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে ২ খন, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে ২২ খন, অপনী জনতা পাৰ্টীয়ে ২ খন, অসম জাতীয় পৰিষদে ১০ খন, ভাৰতীয় গণ পৰিষদে ৪ খন, চি পি আই দলে ৩ খন, চি পি আই (এম এল) দলে ৩ খন, গণ সুৰক্ষা পাৰ্টীয়ে ১০ খন, গোণ্ডৱানা গণতন্ত্ৰ পাৰ্টীয়ে ৩ খন, ঝাৰখণ্ড মুক্তি মৰ্চাই ১৬ খন, নেচনেল পিপলছ পাৰ্টী ২ খন, ৰাইজৰ দলে ১৩ খন, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে ১০ খন, ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়া (আঠৱালে)ই ৪ খন, ৰিভ’লিউশ্যনেৰী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (ৰসিক ভট্ট)ই এখন, ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ই ৪১ খন, দ্য নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াই ২ খন, বিকাশ ইণ্ডিয়া পাৰ্টীয়ে ৫ খন আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ষষ্ঠদশ অসম বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ২৫৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও আছে।
উল্লেখযোগ্য যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ কোটি ৫০ লাখ ২১ হাজাৰ ৪১৩গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ১৬ হাজাৰ ৫৯১গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ৪হাজাৰ ৫০১গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩২১গৰাকী।
ইফালে, অসমৰ ভোটাৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ১ লাখ ৬৪ হাজাৰ ৪৮ গৰাকীক আৰু নাম কৰ্তন কৰা হৈছে ১ লাখ ৭৭৪গৰাকীক। আনহাতে, অসমত ১৮-১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৬ লাখ ২৮ হাজাৰ ৯৩গৰাকী, ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ ১ লাখ ২ হাজাৰ ৪৭২গৰাকী আৰু ১০০ বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা ২ হাজাৰ ৪৮২গৰাকী। তদুপৰি, ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে দলগাঁও। ইয়াত আছে ৩ লাখ ১৭ হাজাৰ ১১০গৰাকী ভোটাৰ। ইয়াৰ বিপৰীতে অসমৰ সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টিটো হৈছে আমৰি। ইয়াত আছে ১ লাখ ৪৯৪গৰাকী ভোটাৰ। ইয়াৰ বাবে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত মুঠ ৩১ হাজাৰ ৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে ভোটদান কৰি আগন্তুক পাঁচ বছৰৰ বাবে নিজৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰিব।
প্ৰণিধানযোগ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই ৭৫ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০ খন, অগপ দলে ৯ খন আৰু ইউপিপিএল দলে ছখন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৪৬ খন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত কংগ্ৰেছে ২৯ খন, এআইইউডিএফ দলে ১৬ খন আৰু চিপিআইএম দলে এখন আসন লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া