পশ্চিম কাৰ্বি আংলঙত দূৰণিবতীয়া ৫১ টা পোলিং কেন্দ্ৰ লৈ পোলিং, প্ৰিজাইডিং বিষয়া প্ৰেৰণ কৰা কাৰ্য আৰম্ভ
পশ্চিম কাৰ্বি আংলঙ, ০৭ এপ্ৰিল (হি.স.)। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ''ব লগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অভিযান মঙলবাৰে বিয়লি ৫ বজাত অন্ত পৰিব। ইয়াৰ লগে লগে পোলিং কেন্দ্ৰ সমূহলৈ ৰাওনা হ''ব লগীয়া পোলিং, প্ৰিজাইডিং, সুৰক্ষা কৰ্মীৰ ব্যৱস্থা প্ৰক্ৰিয
পশ্চিম কাৰ্বি আংলঙত দূৰণিবতীয়া ৫১ টা পোলিং কেন্দ্ৰ লৈ পোলিং, প্ৰিজাইডিং বিষয়া প্ৰেৰণ কৰা কাৰ্য আৰম্ভ


পশ্চিম কাৰ্বি আংলঙ, ০৭ এপ্ৰিল (হি.স.)। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অভিযান মঙলবাৰে বিয়লি ৫ বজাত অন্ত পৰিব। ইয়াৰ লগে লগে পোলিং কেন্দ্ৰ সমূহলৈ ৰাওনা হ'ব লগীয়া পোলিং, প্ৰিজাইডিং, সুৰক্ষা কৰ্মীৰ ব্যৱস্থা প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৭ এপ্ৰিলৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ প্ৰশাসনে ড্ৰাই ডেʼ ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত প্ৰীতি কুমাৰী আজি এক সংবাদমেলৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰে।

তেও উল্লেখ কৰে যে, মঙলবাৰে দূৰণিবতীয়া ৫১ টা পোলিং কেন্দ্ৰ লৈ পোলিং, প্ৰিজাইডিং বিষয়া প্ৰেৰণ কৰা কাৰ্য আৰম্ভ হৈছে। বুধবাৰে ৩০৭ টা পোলিং কেন্দ্ৰ লৈ পোলিং প্ৰিজাইডিং তথা সুৰক্ষা কৰ্মী পে্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া বিধানসভা নিৰ্বাচনত নিয়োজিত পোলিং, প্ৰিজাইডিং বিষয়াৰ লগতে সুৰক্ষা কৰ্মী সকলক পূৰ্ণ সহযোগিতা আগ বঢ়াবলৈ ভোটাৰ ৰাইজ, সকলো দলৰ কৰ্মকৰ্তাক আহ্বান জনোৱাৰ উপৰি ভোটাৰ ৰাইজক দলে বলে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande