বিশ্ব স্বাস্থ্য দিৱসত এখন সুস্থ সমাজ গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ সময়তে এখন সুস্থ সমাজ গঢ়াৰ প্রতিশ্রুতি দোহাৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আনৰ সেৱাত আৰু সুস্থ গ্ৰহৰ
भारतीय प्रधानमंत्री नरेन्द्र मोदी


নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ সময়তে এখন সুস্থ সমাজ গঢ়াৰ প্রতিশ্রুতি দোহাৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আনৰ সেৱাত আৰু সুস্থ গ্ৰহৰ দিশত অক্লান্তভাৱে কাম কৰা সকলোকে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে এটা শক্তিশালী আৰু সজীৱ জাতিৰ বাবে সুস্থ নাগৰিক অতি প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীয়ে সকলোকে এই দিশত সামূহিক প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। তেওঁ প্ৰতিজন ব্যক্তিৰ মংগলৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ আহ্বান জনাই দেশখনক সুস্থ কৰি তুলিবলৈ প্ৰতিটো স্তৰতে নিৰন্তৰ কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স-মেছেজত নাগৰিকসকলক শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ উৎসাহিত কৰে। সকলোৰে সুস্বাস্থ্য কামনা কৰি তেওঁ কয় যে সকলোৱে নিজৰ স্বাস্থ্য অটুট ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে।

এই উপলক্ষে তেওঁ শাৰীৰিক ব্যায়ামৰ গুৰুত্ব দেখুৱাই সংস্কৃত সুভাষিতো শ্বেয়াৰ কৰে-

“লঘুম কৰ্মসমৰ্থ্যম দীপ্তোগনিৰ্মেদাস ক্ষয়ঃ।বিঘাংগিত্ৰং ব্ৰিয়াদুপাজাতে॥”

এই হিতোপদেশৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিয়মীয়া ব্যায়ামে কাৰ্যক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বৃদ্ধি কৰে, মেদবহুলতা হ্ৰাস কৰে আৰু শৰীৰক শক্তিশালী আৰু সুদৃঢ় কৰি তোলে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande