বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত বিপিএফ-এনডিএ মিত্ৰজোঁটক তীব্ৰ সমালোচনা ইউপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মৰ
কোকৰাঝাৰ, ০৭ এপ্ৰিল (হি.স.)। বিটিচিত ৰাজনৈতিক গৰম বতাহ। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ হৈ উঠিছে ৰাজনৈতিক তৎপৰতা। ৪ নং বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মই বিপিএফ-এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ সমালোচনা। ৪ ন
বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত বিপিএফ-এনডিএ মিত্ৰজোঁটক তীব্ৰ সমালোচনা ইউপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মৰ


কোকৰাঝাৰ, ০৭ এপ্ৰিল (হি.স.)। বিটিচিত ৰাজনৈতিক গৰম বতাহ। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ হৈ উঠিছে ৰাজনৈতিক তৎপৰতা। ৪ নং বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মই বিপিএফ-এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ সমালোচনা। ৪ নং বাওঁখুংগ্ৰী সমষ্টিৰ মোনাকোচাত গাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মই বিৰোধী দলসমূহক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে।

ইউপিপিএলে সদায় শান্তি, ঐক্যতা আৰু সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে কাম কৰি আহিছে আৰু অনাগত দিনত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰাৰ্থীগৰাকীয়ে অভিযোগ কৰে যে যোৱা নিৰ্বাচনত বিপিএফে আগতে ৰাইজক বিভ্ৰান্ত কৰি ক্ষমতা দখল কৰিছিল।“বিজেপি হাটাও, বিটিচি বচাও” শ্লোগান দিয়া বিপিএফে এতিয়া এনডিএৰ সৈতে মিলি ভোট বিচাৰি আছে। বিপিএফে ৰাইজৰ সৈতে স্পষ্ট বিশ্বাসঘাতকতা কৰি এতিয়া ভোটৰ বাবে তেওঁলোকে বিজেপিৰ সৈতে হাত মিলাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande