ট্ৰাম্পে মিত্ৰশক্তিক লক্ষ্য কৰি কয়– “যুদ্ধত কোনেও সহায় কৰা নাছিল”
ৱাশ্বিংটন, ০৭ এপ্ৰিল (হি.স.)। ইৰাণ যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ কেইবাখনো মিত্ৰ দেশৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। তেওঁ কয় যে সংঘাতৰ সময়ত আমেৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মিত্ৰ দেশে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাছিল। হোৱাইট হাউছৰ সং
ড’নাল্ড ট্ৰাম্পে


ৱাশ্বিংটন, ০৭ এপ্ৰিল (হি.স.)। ইৰাণ যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ কেইবাখনো মিত্ৰ দেশৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। তেওঁ কয় যে সংঘাতৰ সময়ত আমেৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মিত্ৰ দেশে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাছিল।

হোৱাইট হাউছৰ সংবাদমেলত ট্ৰাম্পে কয় যে জাপানে আমাক সহায় কৰা নাছিল, অষ্ট্ৰেলিয়াই সহায় কৰা নাছিল, দক্ষিণ কোৰিয়াই সহায় কৰা নাছিল আৰু তাৰ পিছত নাটোৱেও সহায় কৰা নাছিল।

ট্ৰাম্পে আৰু কয় যে এই দেশসমূহক সুৰক্ষা দিবলৈ আমেৰিকাই বৃহৎ সামৰিক উপস্থিতি বজাই ৰাখিছে। তেওঁ উল্লেখ কৰে যে জাপানত প্ৰায় ৫০ হাজাৰ আমেৰিকান সৈন্য নিয়োজিত হৈ আছে, যিয়ে কিম জং উনৰ নেতৃত্বৰ উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিৰাপত্তা প্ৰদান কৰিছে। দক্ষিণ কোৰিয়াতো প্ৰায় ৪৫ হাজাৰ আমেৰিকান সৈন্য উপস্থিত আছে।

অৱশ্যে উপসাগৰীয় কিছুমান দেশকো প্ৰশংসা কৰে ট্ৰাম্পে। তেওঁ চৌদি আৰব, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন আৰু কুৱেইটক “উৎকৃষ্ট” মিত্ৰ দেশ বুলি অভিহিত কৰি কয় যে এই দেশসমূহে পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

ট্ৰাম্পৰ এই বক্তব্যই আমেৰিকা আৰু ইয়াৰ পৰম্পৰাগত মিত্ৰ দেশসমূহৰ মাজত থকা মতানৈক্য উন্মোচন কৰিছে, যিয়ে বিশ্ব কূটনীতিত প্ৰভাৱ পেলাব পাৰে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande