
ধুবুৰী, ০৭ এপ্ৰিল (হি.স.)। তামাৰহাটত বিজেপিৰ ৰেলীত ভয়ংকৰ দুৰ্ঘটনা । ৰেলীলৈ অহা দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত গুৰুতৰ ভাৱে আহত তিনি বাইক আৰোহী । আহত মৃন্ময় ৰায়, ৰফিক শ্বেখ আৰু মনোৰঞ্জন সেন । তিনিজনকে তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি । মূমূৰ্শ অৱস্থাত মৃন্ময় আৰু ৰফিক শ্বেখক ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ ।
ৰফিক শ্বেখ মেচপাৰা গাঁৱৰ আবুসামাৰ পুত্ৰ । মৃন্ময় ৰায় নাটাবাৰী গাঁৱৰ অনিল ৰায়ৰ পুত্ৰ । মনোৰঞ্জন সেনৰ ঘৰ উজনপেটলা গাঁৱত । ইতিমধ্যে ঘটনস্থলীত উপস্থিত ৬ নং গোলোকগঞ্জ সমষ্টিৰ বেজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ । পৰিস্থিতি বুজ লোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে নিজ তত্বাৱধানত ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । বিষকুৰাৰ পৰা হাতীধুৰা সৎসঙ্গ মন্দিৰলৈ আছিল বিজেপিৰ ৰেলী ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ