নিৰ্বাচন ২৬: তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ৭,৪৫৪ খন মনোনয়ন দাখিল, টিভিকে নেতা বিজয়ৰ দুখন আসনৰ পৰা মনোনয়ন দাখিল
চেন্নাই, ০৭ এপ্ৰিল (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়াৰ অন্ত পৰিছে। এই পৰ্যন্ত মুঠ ৭,৪৫৪ খন মনোনয়ন দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৬,০৯৫ জন পুৰুষ, ১,৩৫৬ জন মহিলা, আৰু দুজন হিজড়া প্ৰাৰ্থী। মঙলবাৰে নিৰ্বাচন আয়োগে জনোৱা মতে, ৩
নিৰ্বাচন আয়োগ


চেন্নাই, ০৭ এপ্ৰিল (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়াৰ অন্ত পৰিছে। এই পৰ্যন্ত মুঠ ৭,৪৫৪ খন মনোনয়ন দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৬,০৯৫ জন পুৰুষ, ১,৩৫৬ জন মহিলা, আৰু দুজন হিজড়া প্ৰাৰ্থী।

মঙলবাৰে নিৰ্বাচন আয়োগে জনোৱা মতে, ৩০ এপ্ৰিলৰ পৰা তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল, শেষ তাৰিখ ৬ এপ্ৰিল।ৰাজ্যখনত মুঠ ৭,৪৫৪ টা মনোনয়ন দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৬,০৯৫ জন পুৰুষ, ১,৩৫৬ জন মহিলা, আৰু দুজন হিজড়া প্ৰাৰ্থী। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক মনোনয়ন দাখিল কৰা হৈছে কাৰুৰ বিধানসভা সমষ্টিত, য’ত ১০৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ভিলিভাকম আৰু ৰাধাপুৰমতো দুই হিজড়া প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। তেওঁ উল্লেখ কৰে যে চেন্নাইৰ ১৬টা বিধানসভা সমষ্টিৰ বাবে মুঠ ৬২৮টা মনোনয়ন লাভ কৰা হৈছে। আজিৰ পৰা আৰম্ভ হ’ব মনোনয়ন পত্ৰৰ তদন্ত। প্ৰত্যাহাৰৰ শেষ তাৰিখ ৯ এপ্ৰিল। উক্ত দিনা প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব৷ ৯ এপ্ৰিলৰ সন্ধিয়াৰ ভিতৰত তামিলনাডু বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যাৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

লক্ষণীয় যে মুখ্যমন্ত্রী এম. ষ্টেলিনে মনোনয়ন প্ৰক্ৰিয়াৰ প্ৰথম দিনাই কোলাথুৰ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। একেদৰে ৩১ মাৰ্চত পেৰামবুৰ বিধান সভা সমষ্টিৰ পৰা তামিলগা ভেট্ৰি কাঝাগামৰ নেতা বিজয়ে মনোনয়ন দাখিল কৰে। ২ এপ্ৰিলত তিৰুচি পূৱ সমষ্টিৰ পৰাও মনোনয়ন দাখিল কৰে। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তিম দিনটোত বিৰোধী দলৰ নেতা এদাপ্পাদি কে পালানিস্বামীয়ে মনোনয়ন দাখিল কৰে। চেপাউক-ট্ৰিপ্লিকেন সমষ্টিৰ পৰা উপ-মুখ্যমন্ত্ৰী উধয়ানিধি ষ্টেলিনে মনোনয়ন দাখিল কৰে, আৰু কৰৈকুড়ী সমষ্টিৰ পৰা নাম তামিঝাৰ কট্চিৰ নেতা সীমানে মনোনয়ন দাখিল কৰে। একেদৰে ডি এম কেৰ মন্ত্ৰী দুৰাইমুৰুগানে কাটপাডীৰ পৰা, আই পেৰিয়াছামী আথুৰৰ পৰা, বিজেপি নেতা নৈনাৰ নগেন্দ্ৰন সত্তুৰৰ পৰা, আৰু কইম্বাটুৰ দক্ষিণৰ পৰা প্ৰাক্তন মন্ত্ৰী সেনথিল বালাজীয়ে মনোনয়ন দাখিল কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande