
যোৰহাট, ০৭ এপ্ৰিল (হি.স.): যোৰহাট জিলাৰ তিতাবৰত যোৱা কালি সোমবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয় । তিতাবৰ ফুলবাৰীত সংঘটিত হৈছে এই ঘটনা। ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে বিজু এক্কা নামৰ এজন যুৱক। দৈৱ ক্ৰমে প্ৰাণ ৰক্ষা পৰিল দুই শিশুৰ ।
স্থানীয় লোকে অভিযোগ কৰামতে যুৱক জনে নিজে বাসগৃহৰ ভিতৰত সোমাই নিজে অগ্নি সংযোগ কৰাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । ঘটনস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যুৱক জনে কি কাৰণত নিজে অগ্নি সংযোগ কৰিলে বৰ্তমানেও জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ