
কামৰূপ, ০৭ এপ্ৰিল (হি.স.)। ৰঙিয়াত শাসকীয় আৰু বিৰোধীৰ বিশাল বাইক ৰেলীৰে অন্তিম নিৰ্বাচনী প্ৰচাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোত বিশাল বাইক ৰেলীৰে শাসকীয় বিজেপি দলৰ লগতে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীদ্বয়ে চমক দিয়ে। ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ নেতৃত্বত চেপ্টিস্থিত মোদী ফিল্ডৰ পৰা আৰম্ভ কৰা ৰেলীত কেইবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে।
'বিজেপি জিন্দাবাদ' ধ্বনিৰে আকাশ-বতাহ মুখৰিত হৈ পৰা ৰঙিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত বিশাল বাইক ৰেলীৰে প্ৰচাৰ অভিযান চলাই বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে । আনহাতে সমান্তৰালভাৱে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ সমৰ্থনত অনুষ্ঠিত কৰা হয় বিশাল বাইক ৰেলী।সোনেশ্বৰৰ পৰা আৰম্ভ কৰা বিশাল ৰেলীৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত উপস্থিত হয় প্ৰাণজিৎ চৌধুৰী। দুয়োগৰাকী প্ৰাৰ্থীয়ে অন্তিম দিনটোত ৰঙিয়া সমষ্টিৰ ভিন্ন প্ৰান্তলৈ সুবিশাল ৰেলীৰে ৰাওনা হৈ ভোটাৰ সকলক আকৃষ্ট কৰাৰ প্ৰয়াস চলোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা