বৰপেটা ৰোড ৰেল ষ্টেচনত নিশা বহিঃৰাজ্যৰ পৰা আহিল হেজাৰ হেজাৰ লোক
বৰপেটা, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী থকা সময়তে বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোড ৰেল ষ্টেচনৰ সোমবাৰে নিশাৰ হাজাৰ হাজাৰ যাত্ৰীৰ সমাবেশ | নিশাৰ ভাগত বহিঃৰাজ্যৰ পৰা আহিল হেজাৰ হেজাৰ লোক। নিশা বিৰ দি বাট নোপোৱা এক অৱস্থা বৰপেটা
বৰপেটা ৰোড ৰেল ষ্টেচনত নিশা বহিঃৰাজ্যৰ পৰা আহিল হেজাৰ হেজাৰ লোক


বৰপেটা, ০৭ এপ্ৰিল (হি.স.)। নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী থকা সময়তে বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোড ৰেল ষ্টেচনৰ সোমবাৰে নিশাৰ হাজাৰ হাজাৰ যাত্ৰীৰ সমাবেশ | নিশাৰ ভাগত বহিঃৰাজ্যৰ পৰা আহিল হেজাৰ হেজাৰ লোক। নিশা বিৰ দি বাট নোপোৱা এক অৱস্থা বৰপেটা ৰোড ৰেল ষ্টেচনত |

ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অহা এই লোক সকলৰ বেছি ভাগেই বৰপেটাৰ কলগাছিয়া, মাজগাও, চেঙা,মন্দিয়া, আদি অঞ্চলৰ লোক বুলি পৰিছয় দিয়াৰ লগতে তেওঁলোক কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে বুলি জনায় | অসমত ভোট দিবলৈ অহা এই লোক সকলৰ বেছিভাগেই কিন্তু নাজানে অসমীয়া ভাষা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande