প্ৰকাশ পৰ্বত গুৰু টেগ বাহাদুৰক স্মৰণ প্ৰধানমন্ত্ৰীৰ
নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুৰু তেগ বাহাদুৰৰ প্ৰকাশ পৰ্ৱ উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই মহান আধ্যাত্মিক ব্যক্তিজনক তেওঁ আমাৰ সভ্যতাৰ প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি তেওঁৰ আদৰ্শৰ কথা মনত পেলাই দি
पंतप्रधान नरेंद्र मोदी


নতুন দিল্লী, ০৭ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গুৰু তেগ বাহাদুৰৰ প্ৰকাশ পৰ্ৱ উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই মহান আধ্যাত্মিক ব্যক্তিজনক তেওঁ আমাৰ সভ্যতাৰ প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি তেওঁৰ আদৰ্শৰ কথা মনত পেলাই দিয়ে।

এই উপলক্ষে দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুৰু টেগ বাহাদুৰৰ জীৱন মানৱতাৰ প্ৰতি সাহস, ত্যাগ, আৰু গভীৰ সংবেদনশীলতাৰ এক অনন্য নিদৰ্শন। প্ৰতিকূল পৰিস্থিতিতো তেওঁ সত্য, মৰ্যাদা, বিশ্বাসক ৰক্ষা কৰাত অটল হৈ সমাজক পথ দেখুৱাইছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু টেগ বাহাদুৰৰ চিৰন্তন বাৰ্তা আজিও প্ৰাসংগিক হৈ আছে আৰু ই আমাক এখন ন্যায়পৰায়ণ, দয়ালু আৰু সুসম সমাজ গঢ়িবলৈ অনুপ্ৰাণিত কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande