নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালেৰ মৰিচাছ ভ্ৰমণ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও সাক্ষাৎ
কাঠমাণ্ডু, ০৭ এপ্ৰিল (হি.স.)। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খনাল মোৰিছাছৰ ভ্ৰমণলৈ যাব। তেওঁ ১০ এপ্ৰিলত মৰিছাছে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভাৰত মহাসাগৰ সম্মেলন (ইণ্ডিয়ান অচিয়ান কনফাৰেন্স)ত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে ৰওনা হ''ব। ব
नेपाल के विदेश मंत्री शिशिर खनाल


কাঠমাণ্ডু, ০৭ এপ্ৰিল (হি.স.)। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খনাল মোৰিছাছৰ ভ্ৰমণলৈ যাব। তেওঁ ১০ এপ্ৰিলত মৰিছাছে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভাৰত মহাসাগৰ সম্মেলন (ইণ্ডিয়ান অচিয়ান কনফাৰেন্স)ত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে ৰওনা হ'ব। বিদেশ মন্ত্ৰী হোৱা পিছত এই হৈছে তেওঁৰ প্ৰথম বৈদেশিক ভ্ৰমণ।

নতুন দিল্লীস্থিত থিংক টেংক ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত মৰিচাছ চৰকাৰ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ বিষয়বস্তু হৈছে ভাৰত মহাসাগৰত সুশাসনৰ বাবে সামূহিক দায়িত্ব। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লোক বাহাদুৰ ছেত্ৰীয়ে অৱগত কৰে যে মন্ত্ৰী খানালে সন্মিলনত অংশগ্ৰহণৰ বাবে মৰিচাছলৈ যাত্ৰা কৰিছে। এই অনুষ্ঠানত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ লগতে বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ প্ৰতিনিধি উপস্থিত থাকিব।

তেওঁ কয় যে এই সন্মিলনৰ সময়ত নেপালৰ বৈদেশিক মন্ত্ৰী খানালে ভাৰতীয় সমকক্ষ ড০ এছ জয়শংকৰৰ সৈতেও এক পাৰ্শ্বৱৰ্তী বৈঠকত মিলিত হ’ব। আন দেশৰ নেতাসকলৰ সৈতেও তেওঁৰ দ্বিপাক্ষিক বৈঠকৰ দিন ধাৰ্য কৰা হৈছে। খলিলুৰ ৰহমান (বাংলাদেশ), বিজিথা হেৰাথ (শ্ৰীলংকা), ডি.এন ধুংগেল (ভূটান), বদৰ হামাদ আল বুছৈদি (ওমান), বেৰী ফৌৰে (চিচেলছ)কে ধৰি কেইবাখনো দেশৰ বৈদেশিক মন্ত্ৰীয়ে এই সন্মিলনত ভাষণ দিব। কম্বোডিয়া, ইজিপ্ত, মাদাগাস্কাৰ, চৌদি আৰব, ছিংগাপুৰ, থাইলেণ্ড, আৰু যুক্তৰাজ্যৰ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।

ইণ্ডিয়া ফাউণ্ডেচনে ২০১৬ চনৰ পৰা এই সন্মিলনৰ আয়োজন কৰি আহিছে, আৰু নেপালে নিয়মিতভাৱে অংশগ্ৰহণ কৰি আহিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মাস্কাটত অনুষ্ঠিত অষ্টমখন সন্মিলনত অংশগ্ৰহণ কৰিছিল তেতিয়াৰ বৈদেশিক মন্ত্ৰী অৰ্জু ৰাণা দেউবাই। এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰত মহাসাগৰ অঞ্চলত নিৰাপত্তা আৰু স্থিতিশীলতা বৃদ্ধি কৰা, সামুদ্ৰিক বাণিজ্য শক্তিশালী কৰা, অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নিয়া, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰা, আৰু সামুদ্ৰিক সম্পদ সংৰক্ষণৰ বাবে যৌথ কৌশল প্ৰস্তুত কৰা।

ইণ্ডিয়া ফাউণ্ডেচনৰ তথ্য অনুসৰি বিগত আঠ বছৰত এই সন্মিলন ভাৰত মহাসাগৰ অঞ্চলৰ দেশসমূহৰ বাবে উমৈহতীয়া বিষয়সমূহৰ ওপৰত আলোচনাৰ এক বৃহৎ মঞ্চত পৰিণত হৈছে। ই অংশীদাৰ দেশসমূহক একত্ৰিত কৰি আঞ্চলিক নিৰাপত্তা আৰু উন্নয়নৰ বাবে সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande